অসম মিউজ সম্পাদনা কক্ষ| ,৩ মাৰ্চ, ২০২৬
গুৱাহাটী: প্ৰায় এশ বছৰৰ পাছত এক বিৰল মহাজাগতিক সংযোগৰ সাক্ষী হ’বলৈ গৈ আছে অসম। আজি ৩ মাৰ্চ, ফাকুৱাৰ পবিত্ৰ ক্ষণত আকাশত দেখা দিব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। ভাৰতৰ বেছিভাগ ঠাইতে ইয়াৰ আংশিক প্ৰভাৱ পৰিব যদিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এই ‘ব্লাড মুন’ বা ৰক্তিম চন্দ্ৰৰ অপূৰ্ব দৃশ্য স্পষ্টকৈ দেখা পোৱা যাব।
এক বিৰল ‘চন্দ্ৰোদয় গ্ৰহণ’
এইবাৰৰ গ্ৰহণৰ বিশেষত্ব এয়ে যে চন্দ্ৰ উদয় হোৱাৰ সময়তেই ই গ্ৰহণগ্ৰস্ত হৈ থাকিব। অৰ্থাৎ, পূব আকাশত আজি যেতিয়া জোন ওলাব, তেতিয়াই ই ৰঙা ৰঙৰ হৈ থাকিব।
অসমৰ বাবে গুৰুত্বপূৰ্ণ সময় (৩ মাৰ্চ, ২০২৬):
- সূতক কাল আৰম্ভ: পুৱা ৬:২৩ বজাত।
- গুৱাহাটীত চন্দ্ৰোদয়: বিয়লি ৫:২২ বজাত (গ্ৰহণগ্ৰস্ত অৱস্থাত জোন ওলাব)।
- পূৰ্ণগ্ৰাসৰ চৰম সীমা (ব্লাড মুন): বিয়লি ৫:২৫ বজাৰ পৰা ৫:৩২ বজালৈ (এই ৭ মিনিটৰ বাবে জোনটো সম্পূৰ্ণ ৰঙা দেখা যাব)।
- আংশিক গ্ৰহণ সমাপ্ত: সন্ধিয়া ৬:৪৭ বজাত।
- গ্ৰহণ সম্পূৰ্ণৰূপে শেষ: নিশা ৭:৫৩ বজাত।
কিয় ৰঙা হয় জোনটো?
এই ‘ব্লাড মুন’ কোনো অশুভ সংকেট নহয়, বৰঞ্চ ই এক বৈজ্ঞানিক পৰিঘটনা। চন্দ্ৰগ্ৰহণৰ সময়ত পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ যোৱা সূৰ্যৰ ৰঙা পোহৰখিনি প্ৰতিসৰিত হৈ চন্দ্ৰৰ ওপৰত পৰে। সেইবাবেই সূৰ্যাস্তৰ দৰে চন্দ্ৰটোকো ৰঙা দেখা যায়।
ধৰ্মীয় বিশ্বাস আৰু ফাকুৱা
যিহেতু এই গ্ৰহণ ভাৰতত দৃশ্যমান, সেয়ে বহুতে ধৰ্মীয় নীতি অনুসৰি সূতক কাল মানি চলিব।
- হোলিকা দহন: ধৰ্মীয় বিশেষজ্ঞসকলৰ মতে, বিয়লি গ্ৰহণ শেষ হোৱাৰ পাছত (সন্ধিয়া ৬:৪৭ বজাৰ পাছত) হোলিকা দহন কৰাটো শুভ।
- দৰ্শন: সূৰ্যগ্ৰহণৰ দৰে চন্দ্ৰগ্ৰহণ চাবলৈ কোনো বিশেষ চশমাৰ প্ৰয়োজন নাই। খালী চকুৰেই আপুনি এই বিৰল দৃশ্য উপভোগ কৰিব পাৰে।








