মুল গল্প: Joy
লেখক: এণ্টন চেখভ
তেতিয়া ৰাতি ঠিক বাৰটা বজিছিল।
মিতিয়া কুলদাৰভ, উত্তেজনাত ৰঙা পৰা মুখ আৰু আউলী-বাউলী চুলিৰে সৈতে মাক-দেউতাকৰ ফ্লেটত ধুমুহাৰ দৰে সোমাই আহিল আৰু খৰখেদাকৈ কোঠাবোৰৰ মাজেৰে দৌৰিবলৈ ধৰিলে। তেওঁৰ মাক-দেউতাক ইতিমধ্যে শুবলৈ গৈছিল। বায়েকে বিচনাত পৰি এখন উপন্যাসৰ শেষৰ পৃষ্ঠাটো পঢ়ি আছিল। স্কুলত পঢ়া ভায়েককেইটাৰো টোপনি আহিছিল।
“তই ক’ৰ পৰা আহিছ?” মাক-দেউতাকে আচৰিত হৈ সুধিলে। “তোৰ নো কি হৈছে?”
“অ’, নোসুধিবা! মই কেতিয়াও আশা কৰা নাছিলো; নাই, মই কেতিয়াও ভবা নাছিলো! এয়া… এয়া সঁচাকৈয়ে এক অবিশ্বাস্য কথা!”
মিতিয়াই হাঁহিলে আৰু এখন আৰামচকীত বহি পৰিল, আনন্দত তেওঁ ইমানেই আত্মহাৰা হৈ পৰিছিল যে তেওঁ ভৰিৰ ওপৰত থিয় হৈ থাকিব পৰা নাছিল।
“এয়া অবিশ্বাস্য! তোমালোকে কল্পনাও কৰিব নোৱাৰা! চোৱা!”
বায়েকে বিচনাৰ পৰা জাঁপ মাৰি উঠিল আৰু গাত লেপখন মেৰিয়াই লৈ ভায়েকৰ ওচৰলৈ গ’ল। স্কুলীয়া ল’ৰাকেইটাও সাৰ পালে।
“কি হৈছে? তোক দেখোন তোৰ দৰে লগা নাই!”
“কাৰণ মই বৰ আনন্দত আছোঁ, মা! তোমালোকে জানানে, এতিয়া গোটেই ৰুছিয়াই মোক চিনি পায়! গোটেই ৰুছিয়াই! ইমানদিনে অকল তোমালোকেহে জানিছিলা যে দিমিত্ৰী কুলদাৰভ নামৰ এজন পঞ্জীয়ন কেৰাণী আছে, আৰু এতিয়া গোটেই ৰুছিয়াই জানে! মা! অ’ ভগৱান!”
মিতিয়াই জাঁপ মাৰি উঠিল, গোটেই কোঠাটোত ইফালে-সিফালে দৌৰিলে আৰু তাৰপাছত পুনৰ বহি পৰিল।
“কিবা এটা ক, কি ঘটিছে? কথাটো ভালকৈ বুজাই ক!”
“তোমালোকে হাবিত থকা জন্তুৰ দৰে একো খবৰ নৰখাকৈ জীয়াই আছা, তোমালোকে বাতৰি কাকত নপঢ়া আৰু কি প্ৰকাশ পায় সেইবোৰলৈ মন নিদিয়া, অথচ বাতৰি কাকতত ইমান আমোদজনক কথা থাকে। কিবা এটা ঘটনা ঘটিলেই লগে লগে সকলোৱে গম পায়, একো লুকাই নাথাকে! মই যে কিমান সুখী! অ’ ভগৱান!
তোমালোকে জানা, কেৱল বিখ্যাত মানুহৰ নামহে বাতৰি কাকতত প্ৰকাশ পায়, আৰু এতিয়া তেওঁলোকে মোৰ নাম প্ৰকাশ কৰিছে!”
“কি ক’ব বিচাৰিছ তই? ক’ত?”
দেউতাকৰ মুখ শেঁতা পৰি গ’ল। মাকগৰাকীয়ে বেৰত থকা ভগৱানৰ পৱিত্ৰ ছবিখনৰ ফালে চালে আৰু বুকুৰ ওপৰত ক্ৰছ চিহ্ন আঁকিলে। ল’ৰাকেইটাই বিচনাৰ পৰা জাঁপ মাৰি নামিল আৰু চুটি চোলা পিন্ধা অৱস্থাতে ককায়েকৰ ওচৰলৈ চাপি গ’ল।
“হয়! মোৰ নাম প্ৰকাশ পাইছে! এতিয়া গোটেই ৰুছিয়াই মোৰ কথা জানে! মা, এই কাকতখন স্মৃতি হিচাপে লগত ৰাখি থবা! আমি মাজে মাজে পঢ়িম! চোৱা!”
মিতিয়াই পকেটৰ পৰা বাতৰি কাকত এখন উলিয়াই দেউতাকৰ হাতত দিলে আৰু নীলা পেঞ্চিলেৰে দাগ দি থোৱা অংশটোলৈ আঙুলিয়াই দেখুৱালে।
“পঢ়া!”
দেউতাকে চশমাযোৰ পিন্ধি ল’লে।
“পঢ়াচোন!”
মাকে ভগৱানৰ ছবিখনৰ ফালে চালে আৰু পুনৰ ক্ৰছ চিহ্ন আঁকিলে। দেউতাকে ডিঙিটো খেকাৰি ল’লে আৰু পঢ়িবলৈ আৰম্ভ কৰিলে: “২৯ ডিচেম্বৰৰ সন্ধিয়া ঠিক এঘাৰ বজাত, দিমিত্ৰী কুলদাৰভ নামৰ এজন পঞ্জীভুক্ত কেৰাণী…”
“দেখিছা, দেখিছা! পঢ়ি যোৱা!”
“…দিমিত্ৰী কুলদাৰভ নামৰ এজন পঞ্জীভুক্ত কেৰাণী, লিটল ব্ৰ’নায়াৰ কোজিহিন অট্টালিকাৰ এখন সুৰাখানাৰ পৰা নিচাসক্ত অৱস্থাত ওলাই আহি…”
“সেইয়া মই আৰু ছেমিয়ন পেক্ট্ৰ’ভিচ…। গোটেইখিনি হুবহু বৰ্ণনা কৰিছে! পঢ়ি যোৱা! শুনা!”
“…নিচাসক্ত অৱস্থাত, ভৰি পিছলি এখন শ্লেজ-গাড়ীৰ ঘোঁৰাৰ তলত পৰি যায়; গাড়ীখনৰ চালক আছিল য়ুহনোভস্কি জিলাৰ ডুৰিকিনো গাঁৱৰ ইভান ড্ৰ’টভ নামৰ এজন খেতিয়ক। ভয়াতুৰ ঘোঁৰাটোৱে কুলদাৰভক ডেই দি আৰু তেওঁৰ ওপৰেদি শ্লেজ গাড়ীখন টানি লৈ যোৱাৰ ফলত গাড়ীখনত বহি থকা মস্কোৰ দ্বিতীয় শ্ৰেণীৰ ব্যৱসায়ী ষ্টেপেন লুকভৰ সৈতে ৰাস্তাৰে দৌৰিবলৈ ধৰে আৰু কেইজনমান ঘৰৰ চকীদাৰে ঘোঁৰাটোক ধৰিবলৈ সক্ষম হয়। প্ৰথম অৱস্থাত অচেতন হৈ পৰা কুলদাৰভক থানালৈ লৈ যোৱা হয় আৰু তাত ডাক্তৰে পৰীক্ষা কৰে। তেওঁৰ মূৰৰ পিছফালে পোৱা আঘাতটো…”
“সেইটো গাড়ীৰ দণ্ডডালৰ পৰা লাগিছিল, দেউতা। পঢ়ি যোৱা! বাকীখিনি পঢ়া!”
“…তেওঁৰ মূৰৰ পিছফালে পোৱা আঘাতটো গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে। ঘটনাটো যথাবিহিতভাৱে পঞ্জীয়ন কৰা হৈছে। আহত লোকজনক চিকিৎসা সেৱা আগবঢ়োৱা হয়…”
“তেওঁলোকে মোক মূৰৰ পিছফালটো চেঁচা পানীৰে ধুবলৈ কৈছিল। এতিয়া পঢ়িলা তোমালোকে? আহ! এতিয়া দেখিছানে। এতিয়া গোটেই ৰুছিয়াই কথাটো গম পালে! কাকতখন মোক দিয়া!”
মিতিয়াই কাগজখন থাপ মাৰি ল’লে, ভাঁজ কৰিলে আৰু পকেটত ভৰাই থ’লে।
“মই মাকাৰভহঁতৰ তালৈ গৈ তেওঁলোকক দেখুৱাই আহোঁগৈ…। মই ইভানিটস্কি পৰিয়াল, নাতাস্যা ইভানোভনা আৰু এনিছিম ভাচিলিয়িচকো দেখুৱাব লাগিব…। মই দৌৰোঁ! বিদায়!”
মিতিয়াই তেওঁৰ বিশেষ চিহ্ন থকা টুপীটো পিন্ধি ল’লে আৰু আনন্দ তথা বিজয় উল্লাসেৰে ৰাস্তালৈ দৌৰ মাৰিলে।
এণ্টন চেখভ (Anton Chekhov) ৰ চমু পৰিচয়
বিশ্ববিখ্যাত ৰুছ নাট্যকাৰ, লেখক আৰু চুটিগল্পকাৰ এণ্টন পাভলোভিচ চেখভ (১৮৬০–১৯০৪) পেছাত আছিল এজন ৰুছ চিকিৎসক। তেওঁক পৃথিৱীৰ সৰ্বকালৰ শ্ৰেষ্ঠ চুটিগল্পকাৰসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।তেওঁ প্ৰায়েই কৈছিল— “চিকিৎসা শাস্ত্ৰ মোৰ বিবাহিতা পত্নী আৰু সাহিত্য মোৰ প্ৰেয়সী।”
তেওঁৰ আধুনিক নাটকৰ ধাৰাই বিশ্ব নাট্য সাহিত্যলৈ আমূল পৰিৱৰ্তন আনিছিল। তেওঁৰ বিখ্যাত নাটকসমূহৰ ভিতৰত The Seagull, Uncle Vanya, Three Sisters আৰু The Cherry Orchard অন্যতম।
তেওঁৰ গল্পবোৰত আড়ম্বৰপূৰ্ণ কাহিনীতকৈ চৰিত্ৰৰ মানসিক অৱস্থা আৰু জীৱনৰ গভীৰ সত্যবোৰহে বেছিকৈ প্ৰতিফলিত হৈছিল।
বিশেষত্ব
চেখভৰ লিখনিত কোনো বিশেষ নৈতিক শিক্ষা জাপি দিয়া নহয়। বৰঞ্চ, তেওঁ জীৱনটো যেনেকুৱা, তেনেকুৱাকৈয়ে নিৰ্মোহভাৱে দাঙি ধৰিছিল। তেওঁৰ সাহিত্যত প্ৰায়েই বিষাদ (Melancholy) আৰু হাস্যৰস (Humor) ৰ এক অদ্ভুত সংমিশ্ৰণ দেখা পোৱা যায়।
অসমীয়া চুটিগল্পৰ ওপৰত চেখভৰ প্ৰভাৱ অত্যন্ত গভীৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ বহু অসমীয়া গল্পকাৰৰ লিখনিত চেখভীয় শৈলীৰ ছাঁ দেখা পোৱা যায়। বিশেষকৈ মানুহৰ মনস্তাত্ত্বিক বিশ্লেষণ আৰু চুটিগল্পৰ “আবেগিক সত্য” প্ৰকাশৰ ক্ষেত্ৰত তেওঁ অসমীয়া লেখকসকলৰ বাবেও এজন আদৰ্শ।








